Sunday, May 17, 2020

জাপি ফুলৰ গামোচা হুঁচৰি দলৰ উদ্যোগত অনুষ্ঠিত কৰা অনলাইন ৰঙালী বিহু প্ৰতিযোগিতাৰ ফলাফল সমুহ ঘোষণা কৰা হৈছে :
বিহুনাচ প্ৰতিযোগিতাৰ
প্ৰথমস্থান: ধৰ্মিষ্ঠা কটকী (ৰূপাই)
দ্বিতীয়স্থান:ৰিকি দাস (ডিব্ৰুগড়) ,নিহাৰীকা কাশ্যপ (গোৱালপাৰা)যুটীয়া

বিহু নাম প্ৰতিযোগিতাৰ
প্ৰথমস্থান: ৰিকি দাস (ডিব্ৰুগড়)
দ্বিতীয় স্থান: গোপজিত হালৈ (নলবাৰী)

বিহু সাজপাৰ প্ৰতিযোগিতাৰ
প্ৰথম স্থান: গৰিয়সী কোঁৱৰ (কাকপথাৰ)
দ্বিতীয় স্থান:  লোণা বৰুৱা (তিনচুকিয়া)

প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা সমুহ প্ৰতিযোগীলৈ দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো৷ আপোনালোকৰ সহায় সহযোগিতাৰ বাবে প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত সহায় কৰিলে ৷অনাগত সময়তো এনেদৰে সহায় সহযোগ কৰিব বুলি আশা কৰলো ৷

Thursday, May 7, 2020

সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব ৷ জাপি ফুলৰ গামোচা হুঁচৰি দ’লৰ উদ্যোগত অনুষ্ঠিত কৰা অনলাইন প্ৰতিযোগিতাত
কিছুমান ব্যক্তিয়ে তেওঁলোকৰ শ্বেয়াৰ বৃদ্ধি কৰিবৰ বাবে একেজন মানুহে এটা প’ষ্ট কেইবাবাৰো শ্বেয়াৰ কৰা সমিতিৰ দৃষ্টি গোচৰ হৈছে ৷ এনেধৰণৰ কাৰু কাৰ্যৰ পৰা দূৰত থাকিবলৈ সমিতিৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনালোঁ আৰু যিসকল ব্যক্তিয়ে ইতিমধ্যে তেনে কামত লিপ্ত হৈছে তেওঁলোকৰ নাম আমি প্ৰতিযোগিতাৰ পৰা বিৰত ৰাখিম ৷
ধন্যবাদ ৷

Monday, May 4, 2020

অসমীয়া হিচাপে জানিবলগীয়া কিছু কথা -
 ঢোলৰ বিষয়ে জানো আহক-
 জাপি আৰু পিঠাৰ বিষয়ে জানো আহক-

https://youtu.be/waLDEk3tnwY

এই লিংকটোত ক্লিক কৰি দুগৰাকী বিহুৱা আৰু এগৰাকী নাচনীৰ বিহুনৃত্য উপভোগ কৰক৷জাপি ফুলৰ গামোচা হুচঁৰি দলৰ উদ্যোগত অনুষ্ঠিত কৰা অনলাইন বিহু নৃত্য প্ৰতিযোগিতাৰ দুগৰাকী প্ৰতিযোগীক প্ৰীন্স ভৰালীৰ ইউটিউব চেনেলত দেখুওৱা হয়৷ গতিকে সকলোৱে ঘৰতে থাকক সুৰক্ষিত থাকক৷সকলোৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক৷পেজখন লাইক কৰক ৷তলত দিয়া ইউটিউব চেনেলটো Subscribe আৰু share কৰক৷ পৰৰ্ৱতী সময়তো বিহুনৃত্য প্ৰতিযোগী সকলৰ মাজৰ পৰাই নিৰ্বাচন কৰি প্ৰতিযোগীসকলক ইউটিউব চেনেলৰ তৃতীয় ভিডিঅ ত  দিয়া হব৷ লিংকটো হল
https://youtu.be/waLDEk3tnwY

Sunday, May 3, 2020

সকলোৱে অংশ গ্ৰহণ কৰক৷
জাপি ফুলৰ গামোচা হুচঁৰি দলৰ উদ্যোগত এখনি অনলাইন ৰঙালী বিহু প্ৰতিযোগিতা আয়োজন কৰা হৈছে৷

জাপি ফুলৰ গামোচা হুচঁৰি দল

Japi Phulor Gamusa Husori Dol

জাপি ফুলৰ গামোচা হুঁচৰি দলৰ উদ্যোগত অনুষ্ঠিত কৰা অনলাইন ৰঙালী বিহু প্ৰতিযোগিতাৰ ফলাফল সমুহ ঘোষণা কৰা হৈছে : বিহুনাচ প্ৰতিযোগিতাৰ প্ৰথমস্থান:...